হে কছাৰী কছাৰী সোনোৱাল কছাৰী
পূজা দিবলৈকে যুৰিয়া গাহৰি
কছাৰী কছাৰী সোনোৱাল কছাৰী
কছাৰী কছাৰী সোনোৱাল কছাৰী
সদিয়াত পাতিল,সদিয়াত পাতিল থান
পূজা দিবলৈকে যুৰিয়া গাহৰি
পূজা দিবলৈকে যুৰিয়া গাহৰি
আৰু লাগে তামোল,আৰু লাগে তামোল পাণ
অই উজনিৰে হলি তই, নামনিৰে ডেকা মই
উজনিৰে হলি তই, নামনিৰে ডেকা মই
তথাপি মৰমবোৰ, তথাপি চেনেহ
মৰমী মাতেৰে চেনেহৰ কথা কবিনে মোক
বব মনে গ'লে চেলেং আৰু সূতা
বব মনে গ'লে চেলেং আৰু সূতা
হাতৰো নহলং হাতৰো নহলং.কাজী
যাব মনে গলে পিলিঙা ডেকালৈ
যাব মনে গলে পিলিঙা ডেকালৈ
কপালত নাহিলং, কপালত নাহিলং.সাধি
ঔৰে গছতে বগী বিলত জাকৈ বাং
মৌৱে বাহেঁ ল'লে বগী বিলত জাকৈ বাং
ঔৰে গছতে বগী বিলত জাকৈ বাং
মৌৱে বাহেঁ ল'লে বগী বিলত জাকৈ বাং
ককাই পাৰি দিয়া খাঙে হে... হেই
বগী বিলত জাকৈ বাং, ঘৰত বাৰু সুধি চাং
যাব দিলে যাব দিলে বিহুলৈ যাং
এতোলা সোনেৰে বগী বিলত জাকৈ বাং
মাদলি গঢ়াই দে বগী বিলত ঝাকৈ বাং
এতোলা সোনেৰে বগী বিলত জাকৈ বাং
মাদলি গঢ়াই দে বগী বিলত ঝাকৈ বাং
বিহু মাৰিবলৈ জাঙে হে... হেই
বগী বিলত জাকৈ বাং, ঘৰত বাৰু সুধি চাং
যাব দিলে যাব দিলে বিহুলৈ যাং
ঐ উজনি আৰু নামনি, মৰমৰে চানেকি
উজনি আৰু নামনি, মৰমৰে চানেকি
চেনেহৰে বিহুটি জাতিটোৰে চিনাকি
চেনেহৰে বিহুটি জাতিটোৰে চিনাকি
একতাৰ ডোলেৰে বান্ধিনো ৰাখিছে
একতা আমাৰে, একতা আমাৰে ভেটি
জাতি জনজাতি সকলোকে সাঙুৰি
জাতি জনজাতি সকলোকে সাঙুৰি